কেনেকৈ বেকআপ লব

আপোনাৰ ফাইল আৰু সংহতিসমূহ বেক আপ কৰাৰ আটাইতকৈ সহজ পদ্ধতি হল এটা বেক আপ এপ্লিকেচনক আপোনাৰ বাবে বেকআপ প্ৰক্ৰিয়া ব্যৱস্থাপনা কৰিবলৈ দিয়া। বিভিন্ন ধৰণ বেকআপ এপ্লিকেচন উপলব্ধ আছে, উদাহৰণস্বৰূপ Déjà Dup

আপোনাৰ নিৰ্বাচন কৰা বেকআপ এপ্লিকেচনৰ বাবে সহায় আপোনাক বেকআপৰ বাবে আপোনাৰ পছন্দসমূহ সংহতি কৰাৰ, আৰু লগতে কিধৰণে আপোনাৰ তথ্য পুনৰুদ্ধাৰ কৰিব তাৰ বিষয়ে সহায় কৰিব।

এটা অন্য বিকল্প হল এটা সুৰক্ষিত অৱস্থানলৈ, যেনে এটা বহিৰ্তম হাৰ্ড ড্ৰাইভ, নেটৱাৰ্কত অন্য কমপিউটাৰ, অথবা এটা USB ড্ৰাইভলৈ আপোনাৰ ফাইলসমূহ কপি কৰা। আপোনাৰ ব্যক্তিগত ফাইলসমূহ আৰু সংহতিসমূহ সাধাৰণত আপোনাৰ ঘৰ ফোল্ডাৰত থাকে, যাতে আপুনি সিহতক তাৰ পৰা কপি কৰিব পাৰে।

আপুনি বেকআপ লব পৰা তথ্যৰ পৰিমাণ সংৰক্ষণ ডিভাইচৰ আকাৰ দ্বাৰা সীমিত। যদি আপোনাৰ বেকআপ ডিভাইচত স্থান উপলব্ধ আছে, নিম্নলিখিত ব্যতিক্ৰমৰ সৈতে সম্পূৰ্ণ ঘৰ ফোল্ডাৰৰ বেকআপ লোৱাটো উত্তম:

  • ফাইলসমূহ যি ইতিমধ্যে অন্য ঠাইত বেকআপ লোৱা আছে, যেনে এটা CD, DVD, অথবা অন্য আতৰাব পৰা মাধ্যম।

  • Files that you can recreate easily. For example, if you are a programmer, you do not have to back up the files that get produced when you compile your programs. Instead, just make sure that you back up the original source files.

  • আবৰ্জনা ফোল্ডাৰত যিকোনো ফাইল। আপোনাৰ আবৰ্জনা ফোল্ডাৰ ~/.local/share/Trash ত পোৱা যাব।